This is an assamese poem. Simply in this poem, I compared between sea and our practical life.what are we doing??? what are we thinking ? What we learning from nature actually... blah blah blah .now comparing to sea, it's doing d work very nicely. There's no any tiredness or the helpless...
অন্ধকাৰ হৃদয় মনে - মনে আৰম্ভ হোৱা এখনি শীতল যুদ্ধ নিৰৱ হৈ ই বুকু বিন্ধিছেহি এপল - এপলকৈ দুবাহুৰ মাজত তিক্ততা সিঁচিছে ভৰিৰ খুজবোৰ সাগৰৰ কেন্দ্ৰস্থলত ঢৌবোৰৰ প্ৰকোপে চৌদিশে হেন্দুলনি তুলিছে আৰু অন্ধময় সমুদ্ৰ তীৰে কোবাল ব'তাহবোৰত ভাগৰ সানিছে সাগৰৰেই ভাল সময় ইয়াৰ বাবে বৰ দয়াশীল নিজৰ মাজত ব্যাপৃত হৈ জীৱন কটাব পাৰে নাই কোনো চিন্তা, ভাগৰ অথবা কৰ্মব্যস্ততা আৰু দিগন্তলৈ হতবাওল দি থকা নিশাপতিয়ে, ইহঁতৰ মৰমবোৰৰ মাজত নিজকে হেৰুৱাব জানে। -প্ৰাণ